Ujani Sadiya H.S. School

অধ্যক্ষৰ মেজৰ পৰাঃ

অসমী আইৰ পূৱ প্ৰান্তত সৌ সিদিনালৈকে দুৰ্গম ঠাইত অৱস্থিত উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি ভূপেন হাজৰিকা সেতুৰ কৃপাত সুচল যাতায়ত ব্যৱস্থাৰে সমৃদ্ধ । তাহানি ১৮৩৭ খৃষ্টাব্দৰ ৬ জানুৱাৰী তাৰিখে আমেৰিকান ব্যেপ্তিষ্ট মিচনেৰী অলিভাৰ টি. কট্টৰ আৰু ড⁰ নাথান ব্ৰাউন আদিয়ে কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজেৰে ছপাশাল আনি ৫০ৰ বৰভূঁইকপত বিধ্বস্ত , অধুনালুপ্ত পুৰণি শদিয়াৰ কোনোবাখিনিতে আধুনিক শিক্ষাৰ পাতনি মেলিছিল । সেয়ে দুৰ্গম অভিধাৰে সংপৃক্ত হৈও শদিয়া শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা । আমাৰ বিদ্যালয়খনিয়েও শদিয়াৰ সেই ধাৰাটোকে অক্ষুন্ন ৰখাৰ চেষ্টাত চিৰব্ৰতী । এই প্ৰচেষ্টাৰেই ফলশ্ৰুতিত শদিয়াৰ জন-জীৱন আৰু সমাজ জীৱন সমৃদ্ধ কৰি ৰখা অনেক বিশিষ্ট ব্যক্তি এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী । বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে আজিও দেশে-বিদেশে কৃতিত্বৰে সেৱা আগবঢ়াই বিদ্যালয়ৰ নাম উজলাই ৰাখিছে , নতুন প্ৰজন্মক উত্সাহিত কৰি আহিছে । বিদ্যালয়খনিয়ে ঐতিহাসিক তাম্ৰেশ্ৰৰী মন্দিৰ , বৰাগী থান , কুণ্ডিল নৈ আদিৰে পৰিৱেষ্টিত মনোৰম প্ৰাকৃতিক পৰিবেশত যেন সোণত সুৱগা চৰাইছে । বিদ্যালয়খনিৰ বিশেষ বৈশিষ্ট্য হৈছে তথাকথিত আনুষ্ঠানিকতাৰ বিপৰীতে সৰ্বস্তৰৰ শিক্ষক-কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰীৰ মাজত এক ঘৰুৱা আত্মীয়তাৰ সম্পৰ্কৰ স্ফূৰণ । চৌপাশৰ ৰাইজৰো বিদ্যালয়খনৰ প্ৰতি সেই একেই আত্মীয়তাৰ সম্পৰ্ক । কাৰণ বিদ্যালয়খন তেখেতসকলৰ বা তেখেতসকলৰ পূৰ্ৱজ সকলৰ কপালৰ ঘাম আৰু সৰ্বাত্মক সহযোগিতাৰ ফচল ।
সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতাৰ মাজেৰে চন্দ্ৰকলাৰ দৰে বিদ্যালয়খনি একলা দুকলাকৈ প্ৰস্ফূটিত হৈ আহিছে ।

ভাৰতীয় সেনা বাহিনীয়ে স্ত্ৰী-শিক্ষাক উদগনি দিয়াৰ উদ্দেশ্যে বোৱতী পানীৰ সুবিধাৰে সতে ছোৱালী সকলৰ বাবে সুকীয়াকৈ শৌচাগাৰ-প্ৰস্ৰাৱগাৰ ভৱন এটি নিৰ্মাণ কৰি দিছে , অﹸ. এন. জি. চি. কৰ্ত্তৃপক্ষই সততে পাব পৰাকৈ খোৱাপানীৰ ব্যৱস্থা কৰি দিছে , ন-শদিয়া গাঁও পঞ্চায়তৰ তৰফৰ পৰা ইতিপূৰ্বে বাইচাইকেল ষ্টেণ্ড নিৰ্মাণ কৰি দিয়াৰ উপৰিও এই বিত্তীয় বৰ্ষত বাটচৰা পকীকৰণৰ আশ্বাস প্ৰদান কৰিছে । আমি সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে আগলৈকো এনে সহায়-সহযোগিতা আশা কৰিছো । আনহাতে বিভাগীয় কৰ্ত্তৃপক্ষৰ সহযোগত বিদ্যায়তনিক দিশৰ উপৰিও আন্তঃগাঠনিৰ উন্নয়ন , ক্ৰীড়া , বিভিন্ন প্ৰশিক্ষণ , বিভিন্ন প্ৰতিযোগিতা , শিক্ষামূলক ভ্ৰমন , কম্পিউটাৰ আৰু ডিজিটেল মাধ্যমৰ প্ৰসাৰ , স্কাউট-গাইড আদি সৰ্বদিশতে বিদ্যালয়খনিৰ জয়যাত্ৰা অব্যাহত আছে আৰু থাকিব । যিসকল মহানুভৱ বিদ্যানুৰাগীৰ ত্যাগৰ বিনিময়ত এই পবিত্ৰ বিদ্যালয় ভুমিস্থ হোৱাৰ পৰা আজি কল্পবৃক্ষ ৰূপ পৰিগ্ৰহ কৰিছে সেইসকলৰ ত্যাগক আজি আমি কৃতজ্ঞতাৰে সুঁৱৰিছো । বিদ্যালয়খনিক পূৰ্ণ বিকশিত ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে । অদূৰ ভবিষ্যতে বিজ্ঞান আৰু বাণিজ্য শাখা অন্তৰ্ভুক্তি কৰাৰ আঁচনিও আছে । তেতিয়াহে বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা সকলৰ ত্যাগৰ মৰ্যাদা ৰক্ষা হব । ৰবাৰ্ট ফ্ৰষ্টৰ ভাষাৰে সামৰিব বিছাৰিছোঁ –
… … … We have promises to keep ,
And miles to go before we sleep .
– সোমেশ্বৰ মৰাণ ,
অধ্যক্ষ ।